কলৰ উপকাৰী গুণ আৰু অপকাৰীতা বিষয়ে জানক । Kolor Upakari Gun Aru Apakaritar bikhoye janok. Fruit Eating Benifits tips
Learn about the benefits and harms of bananas:-
কলৰ বিষয়ে চমুকৈ বৰ্ণনা:
🍌কল এক প্ৰকাৰৰ জনপ্রিয় ফল, কল মুলত গৰম অঞ্চলত বেছি উৎপন্ন হয়। ই প্ৰচুৰ পৰিমাণে পুষ্টিকৰ আৰু সহজে হজম কৰিব পৰা এবিধ ফল। কলত প্ৰধানকৈ কাৰ্বোহাইড্ৰেট, ভিটামিন B6, ভিটামিন C, পটাছিয়াম, আৰু আঁহ থাকে।
#কলৰ উপকাৰী গুণ:
- শৰীৰৰ শক্তি বৃদ্ধি কৰে – উচ্চ পৰিমাণৰ কাৰ্বোহাইড্ৰেট কালত থাকে, সেইবাবে ই দ্ৰুত গতিত শক্তি যোগায়।
- হৃদযন্ত্ৰৰ বাবে উপকাৰী – কলত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰ সুস্থ ৰাখে।
- হজম শক্তি বৃদ্ধি কৰে – কল আঁহ সমৃদ্ধ হোৱাৰ বাবে, ই হজম প্ৰক্ৰিয়া সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোগ দূৰ কৰে।
- মস্তিষ্কৰ বাবে ভাল – কলত থকা ভিটামিন B6-এ মস্তিষ্কৰ কাৰ্যক্ষমতা উন্নত কৰে।
- ত্বক আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে – কলৰ প্ৰাকৃতিক উপাদানবোৰ ত্বক আৰু চুলি সুস্থ ৰখাত সহায় কৰে।
#কলৰ খোৱাৰ অপকাৰিতা:
- বেছিকৈ খালে ওজন বৃদ্ধি কৰিব পাৰে – উচ্চ কেলোৰীৰ ফলত অধিক পৰিমাণে কল খালে ওজন বাঢ়িব পাৰে।
- ৰক্তচিনি বৃদ্ধি কৰিব পাৰে – ডায়বেটিছ ৰোগীৰ বাবে অধিক কল খোৱা ক্ষতিকাৰক হ’ব পাৰে।
- মাথা ব্যথা বা এলাৰ্জি – কিছুমান ব্যক্তিৰ ক্ষেত্ৰত কলত থকা টিৰামিন নামৰ পদাৰ্থই মুৰ বিষ কৰিব পাৰে।
- দাঁতৰ সমস্যা সৃষ্টি কৰিব পাৰে – অতিৰিক্ত পৰিমাণে কল খালে দাঁতৰ মাজত চিনিক্ৰিষ্ট হৈ ক্ষয় ঘটাব পাৰে।
🍌কল এক উৎকৃষ্ট ফল যদিও, সমতুল্য পৰিমাণত খোৱা উত্তম।
🍌অসমত কল খেতি কোনো কোনো ঠাইত উৎপাদন হয় ।
অসমৰ বিশেষকৈ নিম্নলিখিত জিলা আৰু অঞ্চলসমূহত কল খেতি ব্যাপকভাবে কৰা হয়—
1. কমৰূপ ।
2. নলবাৰী ।
3. বৰপেটা ।
4. ধেমাজি ।
5. লখিমপুৰ ।
6. গোৱালপাৰা ।
7. কাছাৰ ।
8. কাৰ্বি আংলং ।
9. শিৱসাগৰ ।
10. তিনিচুকীয়া ।
🍌অসমত কি কি প্ৰজাতিৰ কল খেতি কৰা হয় :
অসমত বহু প্ৰজাতিৰ কল খেতি কৰা হয়। প্ৰধানকৈ নিন্মলিখিত কলৰ প্ৰজাতিসমূহ কৃষকে ব্যাপকভাৱে উৎপাদন কৰে—
১. জাহাজি কল (Cavendish Banana):-
জাহাজি কল অসমত আটাইতকৈ বেছি খেতি কৰা কল।বজাৰত সহজলভ্য আৰু দীৰ্ঘদিনলৈ ৰাখিব পৰা যায়।
২. মালভোগ কল:-
মালভোগ কল সুস্বাদু আৰু সুৱাসযুক্ত কলৰ প্ৰজাতি হয়। অসমৰ গোৱালপাৰা, কামৰূপ, আৰু নলবাৰী জিলাত মালভোগ কলৰ বেছি খেতি কৰা হয়।বজাৰত ইয়াৰ মূল্য বহুত বেছি।
৩. মনোহৰ কল:-
মনোহৰ কল মিঠা আৰু খাবলৈ বৰ সোৱাদ।
অধিক সোৱাদ হোৱাৰ বাবে বজাৰত এই কলৰ চাহিদা বেছি।
৪. চাম্পা কল বা চেনী চম্পা কল:-
চেনী চম্পা কল অসমত বহুতে জনপ্রিয় কলৰ এক প্ৰজাতি।এই কল কেঁচা আৰু পকায় দুয়ো অৱস্থাতে খাব পাৰি।অসমৰ গ্ৰামাঞ্চলত বেছি পোৱা যায়।
৫. কাছ কল (Plantain Banana) :-
কাছ কল হৈ আঞ্জা বনাই খোৱা কলৰ এক প্ৰজাতিৰ।পকা অৱস্থাতো খাব পৰা যায়। ব্যৱসায়িকভাৱে বজাত বহুত দামত বিক্ৰী হয়।
৬. বাদলি কল (Red Banana) :-
এই কলৰ বাকলি ৰঙচুৱা বৰণৰ হয়। বাদলি কল স্বাস্থ্যৰ বাবে ভাল আৰু বজাৰত উচ্চ মূল্য পোৱা যায়।
৭. বোম কল বা ভিম কল:-
এই কল বিধ ডাঙৰ আকৃতিৰ আৰু অধিক পুষ্টিকৰ হয়।পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়।
এইবোৰৰ উপৰিও চেনিচাম্পা কল, হাতিয়া কল, গোটা কল, দেউতি কল আদি বিভিন্ন জাতিৰ কল অসমত পোৱা যায়।
🍌কল খেতিৰ বাবে মাটিৰ গুণাগুণ কেনে হ'ব লাগে:-
কল খেতিৰ বাবে মাটিৰ গুণাগুণ অতি গুৰুত্বপূর্ণ। উত্তম উৎপাদনৰ বাবে নিম্নলিখিত ধৰণৰ মাটি উপযুক্ত হয়—
১. নৰম-মাটিৰ বা ভূৰ-ভুৰিয়া মাটি দৰকাৰ:-
কল খেতিৰ বাবে বালিয়া আলসুৱা মাটি (Sandy Loam) বা মাটিয়ালি নৰম মাটি (Clay Loam) উত্তম।ই ভালদৰে পানী শোষণ কৰে আৰু গছৰ মূলবোৰ সুস্থিৰভাৱে গজালি মেলি পাৰে।
২. কল খেতিৰ বাবে মাটিৰ pH মান কিমান পৰিমাণ:-
pH মান ৫.৫-৭.৫ থাকিলে কল গছৰ বৃদ্ধিৰ বাবে উপযুক্ত। অত্যাধিক অম্লীয় (acidic) বা সাৰুৱা (alkaline) মাটি কল খেতিৰ বাবে ভাল নহয়।অতি অম্লীয় বা অধিক সাৰুৱা মাটিত চুন (lime) ব্যৱহাৰ কৰিলে মাটি উন্নত হয় আৰু কল খেতিৰ উপযোগী হয়।
৩. পৰ্যাপ্ত পৰিমাণে জৈৱ পদাৰ্থ থকা মাটি কল খেতি ভাল হয়:-
কল গছে অধিক পুষ্টি গ্ৰহণ কৰে, সেয়েহে পচা গোবৰ, কেঁচা-পঁচা পাত, বা গছৰ সাৰ (compost) থকা মাটি কল খেতিৰ বাবে উত্তম। মাটিত প্ৰচুৰ পৰিমাণে নাইট্ৰ'জেন (N), ফছফ'ৰাছ (P), আৰু পটাছিয়াম (K) থাকিব লাগে ।
৪. এধলিয়া বা নলা থকা মাটি:-
কল গছে পানী বিচাৰে, কিন্তু পানী ৰৈ বা একেৰাহে বহু দিন লৈ পানী জমা হৈ থকা মাটি হলে কল গছ নষ্ট হয়।
গতিকে কল খেতিৰ বা বাগান মাজেৰে পানী বৈ যাবলৈ বা নকৰিবলৈ নোহোৱা নলা ব্যৱস্থা কৰিলে ভাল হয়।বৃষ্টিপাত বেছিকৈ হোৱা ঠাইত পানী নলা (drainage system) ভালকৈ সাজি ল'ব লাগে।
৫. কল খেতিৰ বাবে গভীৰতা আৰু আকৃতি:-
১-১.৫ মিটাৰ গভীৰকৈ গাত খান্দি কল ৰূপন কৰা উচিত , যিহেতু কল গছৰ শিপা গভীৰৈ গজে।নদীৰ পাৰৰ উৰ্বৰ মাটি কল খেতিৰ বাবে বিশেষ উপযোগী।সেয়েহে, অসমত ব্রহ্মপুত্ৰ আৰু তাৰ উপনদীসমূহৰ পাৰৰ উৰ্বৰ মাটিত কল খেতিৰ বাবে অত্যন্ত উপযুক্ত বুলি গণ্য কৰা হয়।
https://www.axomiadairy.in/2025/02/blog-post.html
https://www.axomiadairy.in/2025/02/kesha-mator-khane-ka-phayda-or-nuksaan.html
আৰু যদি অধিক তথ্য জানিবলৈ বিচাৰে তেনেহলে মোক সুধিলে একেবাৰে নাপাহৰিব, আৰু যদি কিবা আপত্তি থাকিলে ও জনাবলৈ নাপাহৰিব,,,,,
অৱশেষত মোৰ লিখাবোৰ পঢ়াৰ বাবে মোক মৰম আৰু সহাঁৰি জনোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল...........🙏🙏🙏🙏🙏

Post a Comment