বন্ধাকবি খোৱাৰ উপকাৰীতা, অপকাৰীতা আৰু খেতিৰ বিষয়ে কিছু নজনা কথা।Bandh kobi khuwar Upakarita.
বন্ধাকবিৰ(Cabbage 🥬) বিষয়ে কিছু নজনা কথা:-
অসমৰ সকলো ঠাইতে সকলো সময়তে কম বেছি পৰিমাণে পোৱা এবিধ জনপ্ৰিয় পুষ্টিকৰ ছব্জি নাম বান্ধাকবি(Cabbage 🥬)। প্ৰাকৃতিক ভাবে ছব্জিবিধ শিতকালিন বেছি ভাল আৰু সকলোতে অৰহৰ বজাত উপলব্ধ হোৱাৰ দেখা যায়। আজিকালি ছব্জি বিধ বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ ফলত সকলো চিজনতেই বজাৰত পোৱা যায়।
বন্ধাকবি/পাতকবি বহুতো ব্যঞ্জনত ব্যৱহাৰ কৰা দেখা যায় যেনে সজ্জিত খোৱা , ভাজি, ডাইলতদি , কেঁচা চালাদ, বিভিন্ন ধৰণৰ ফাচফুড, যেনে চাওমিন, ম'মৰ,পোলাউ ,ফ্ৰাইড ৰাইচ , চুপ আদিকে ধৰি বহুতো ব্যঞ্জন ব্যৱহাৰ কৰা হয়।
আহক আমি জানো বন্ধাকবি বা পাতকবি(cabbage 🥬) বিভিন্ন দিশৰ বিষয়ে যেনে বন্ধাকবি খেতি, গুণাগুণ, উপকাৰিতা, অপকাৰিতা আৰু ব্যৱহাৰ"আদি শীৰ্ষক প্ৰবন্ধটো তলত দিয়া হৈছে --
১. বন্ধা কপি খেতি :- বন্ধাকবি (cabbage 🥬) হৈছে এবিধ সেউজীয়া পাতৰ শস্য, যাক বিশ্বৰ বিভিন্ন ঠাইত খোৱা হয়। অসমত ইয়াৰ খেতি শীতকালীন চিজনত বেছিকৈ কৰা হয়। এই ছব্জি বা পাচলি বিধ বেছি কৈ ঠাণ্ডা জলবায়ুত উপযোগী, আৰু ভাল উৎপাদনৰ বাবে উৰ্বৰ মাটি, যথেষ্ট সূৰ্যৰশ্মি আৰু পৰ্যাপ্ত পৰিমাণে পানীৰ প্ৰয়োজন হয়। খেতি কৰা সময়ত মটিদৰা ভালদৰে প্রস্তুত কৰি সঠিক উৰ্বৰা কৰি ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী।
২. বন্ধাকবিৰ 🥬 গুণাগুণ:- বন্ধাকবি এটি অত্যন্ত পুষ্টিকৰ সব্জি, য'ত ভিটামিন C, K, আৰু B6ৰ উপৰিও ফাইবাৰ আৰু অ্যান্টিঅক্সিডেণ্ট থাকে। ইয়াত লোহা, কেলচিয়াম, মেগনেছিয়াম আৰু ফলেটৰ দৰে খনিজো উপস্থিত থাকে। বন্ধাকবি নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু হজম প্ৰক্ৰিয়াত যঠেষ্ট সহায় কৰে।
৩. বন্ধাকবি( cabbage 🥬) খোৱাৰ উপকাৰিতা আৰু অপকাৰিতা:-
(ক) উপকাৰিতা: (a) বন্ধাকবিত ফাইবাৰ থকাৰ বাবে হজম প্ৰক্ৰিয়া সুস্থিৰ কৰি কোষ্ঠকাঠিন্য ৰোগবোৰ দূৰ কৰে।
(b) ভিটামিন C অধিক পৰিমাণে থকা বাবে ইয়াৰ পৰা প্ৰাপ্ত এন্টিঅক্সিডেণ্টে শৰীৰত ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে আৰু ত্বক সুস্থ কৰি ৰাখে।
(c)হৃদৰোগ নিয়ন্ত্ৰণ বন্ধাকবিত বহুত ধৰনৰ পুষ্টিকৰ ভিটামিন থকাৰ বাবে হৃদয় সুস্থ কৰি ৰাখে ।
(d) বন্ধাকবি (cabbage 🥬)ত কেলৰিজ কম হোৱা বাবে ওজন নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে।
(খ) বন্ধাকবি (cabbage 🥬) খোৱাৰ অপকাৰিতা গুণসমুহ:
(a) অধিক পৰিমাণে বন্ধাকবি খালে গেছৰ সমস্যা সৃষ্টি হব পাৰে।
(b) কিছুমান মানুহৰ বাবে বন্ধাকবি খালে হজম কৰিবলৈ সম্যসা হয়, তেনে লোকে বন্ধাকবি খোৱাৰ পৰা বৰ্জিত থাকক।
(c) থাইৰয়েড সমস্যাৰ লগত জড়িত ব্যক্তিৰ বাবে অত্যধিক পৰিমাণে খালে সমস্যাত ভুগিব পাৰে।
৪. বন্ধাকবিৰ ব্যৱহাৰ:- বন্ধাকবি বিভিন্ন খাদ্য প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। ইয়াক কেঁচা চালাড হিচাপে, ভাজি, চপ, পাতল ফ্ৰাই, আচাৰ, আৰু চুপত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াক অন্যান্য সব্জিৰ লগত মিশ্ৰিত কৰি বিভিন্ন ব্যজ্ঞ খোৱা হয়।
৫. অসমত বন্ধা কবিৰ খেতি কৰা ঠাইসমূহ:-অসমৰ বিভিন্ন ঠাইত বন্ধা কবিৰ খেতি কৰা হয়, বিশেষকৈ নিম্নলিখিত ঠাইসমূহত বন্ধাকবি খেতি ব্যাপকভাৱে দেখা যায়—
১/নলবাৰী, বৰপেটা, কামৰূপ—এই অঞ্চলসমূহত শীতকালীন কেঁচা শাক-পাচলিৰ খেতিৰ মাজত বন্ধাকবি বহুতো পৰিমাণে দেখা যায়।
২/ দৰং, মঙ্গলদৈ ,শোণিতপুৰ, নগাঁও মৰিগাঁও—এই অঞ্চলতো ব্যাপকভাৱে বন্ধাকবি খেতি কৰা হয় ।
৩/গোলাঘাট, শিৱসাগৰ, যোৰহাট ,ডিব্ৰুগড়, তিনিচুকীয়া—এই অঞ্চলৰ মাটি উচ্চ উৰ্বৰ ভূমি হোৱাৰ ফলত বন্ধাকবি খেতি বেছি ভাল হয়। ইয়াৰ বাহিৰেও অসমৰ বিভিন্ন ঠাইত যে
৬/ভাৰতৰ কোনো কোনো ৰাজ্যত বন্ধাকবি খেতি ভাল হয় জানো আহক:-
ভাৰতৰ কিছুমান ৰাজ্যত বন্ধাকবি (cabbage 🥬)খেতি বিশেষভাৱে উন্নত মানৰ হয়।এই ৰাজ্যসমূহত অনুকূল জলবায়ু, মাটি আৰু উন্নত কৃষিপদ্ধতিৰ বাবে বৃহৎ পৰিমাণে বন্ধাকবি উৎপাদন কৰা হয়। তলত কিছুমান উল্লেখযোগ্য ৰাজ্যৰ সংক্ষিপ্ত বিৱৰণ দিয়া হ’ল—
1. হিমাচল প্ৰদেশ – ঠাণ্ডা আৰু সেমেকা জলবায়ু থকা বাবে হিমাচল প্ৰদেশ বন্ধাকবি খেতিৰ বাবে উপযুক্ত ৰাজ্য । শীতকালত ইয়াত ভাল গুণৰ বন্ধাকবি উৎপাদন হয়।
2. উত্তৰাখণ্ড – পাহাৰীয়া অঞ্চলত বন্ধাকবি খেতি ব্যাপকভাৱে কৰা হয়, বিশেষকৈ নৈৰগাঁও আৰু কুমায়ুন অঞ্চলত বেছি কৈ কবি খেতি উৎপাদন হয়।
3. পশ্চিমবঙ্গ – পশ্চিমবঙ্গ ৰাজ্যত শীতকালত বন্ধাকবি খেতি বেছিকৈ কৰা হয়, আৰু ইয়াৰ উৎপাদিত বন্ধাকবি দেশৰ বহু ৰাজ্যলৈ ৰপ্তানি কৰা হয়।
4. অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহ – এই অঞ্চলসমূহৰ ঠাণ্ডা পৰিবেশ আৰু উৰ্বৰ মাটিৰ বাবে বন্ধাকবি ভালদৰে উৎপাদন হয়। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাষ চাপিৰি বোৰত যথেষ্ট পৰিমানৰ বন্ধাকবি খেতি ভাল হয়।
5. পঞ্জাব আৰু হাৰিয়ানা – আধুনিক কৃষিপদ্ধতি ব্যৱসায় বাণিজ্য বাবে ইয়াতো বন্ধাকবি খেতি লাভজনক ৰাজ্য ।
6. মহাৰাষ্ট্ৰ – বিশেষকৈ শীতকালত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বন্ধাকবি উৎপাদন হয়।
এই ৰাজ্যসমূহত উন্নত বীজ, আধুনিক খেতিপদ্ধতি আৰু বজাৰৰ সুবিধা উপলব্ধ হোৱাৰ বাবে বন্ধাকবি খেতি লাভজনক ৰূপ সদায় হৈ আহিছে।
উপসংহাৰ
বন্ধাকবি এটি অত্যন্ত পুষ্টিকৰ আৰু লাভজনক শস্য, যি স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ খেতি যথেষ্ট সহজ আৰু ব্যয়-সাশ্ৰয়ী। বন্ধাকবি সঠিক পৰিমাণে খালে ই শৰীৰৰ বাবে বহুতো উপকাৰী হ'য় কিন্তু অত্যাধিক খোৱাৰ ফলত কিছু অপকাৰও কৰিব পাৰে। অসমত ইয়াৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে , কাৰণ অসম তথা ভাৰতৰ খাদ্য প্ৰণালী সলনি হৈছে যেনে ফাচফুড জাতীয় খাদ্য বিলাকৰ চাহিদা দিক দিনে বাঢ়হিছে ,যাৰ ফলত কৃষকে ইয়াৰ খেতি অধিক পৰিমাণে কৰিবলৈ আৰম্ভ কৰিছে।
এই প্ৰবন্ধটো আপোনাৰ উপযোগী হ’ব বুলি আশা কৰিলোঁ! আপুনি যিকোনো বিষয়ৰ প্ৰবন্ধ বিষয়ে জানিবলৈ বিচাৰে তেনেহলে মোক জনাব কমেন্ট যোগেদি।
অৱশেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সহাৰি জনোৱাৰ বাবে।
........ 💐🙏ধ্যানবাদ 🙏 💐🥬🥬🥬🥬🥬🥬

Post a Comment