ফুলকবি খোৱাৰ (Cauliflower) উপকাৰিতা আৰু অপকাৰিতা বিষয়ে জানি থওঁক নহ'লে পিছত আপুনি বহুত ডাঙৰ সমস্যাত পৰিব পাৰে :-
ফুলকবি খোৱাৰ (Cauliflower) উপকাৰিতা আৰু অপকাৰিতা বিষয়ে জানি থওঁক নহ'লে পিছত আপুনি বহুত ডাঙৰ সমস্যাত পৰিব পাৰে :-
Fulkobi Upakarita Gun Aru Apakaritar bikhoye janok.
ফুল কবি সহজতে সকলোতে পোৱা এবিধ জনপ্ৰিয় পুষ্টিকৰ পাচলি। ই সকলো বতৰতে কম বেছি পৰিমাণে পোৱা পাচলি । সৈদহতে ফুলকবি শিতকালত বেছি ভাল হয় । পাচলি বিধ যিমানেই পুষ্টিকৰ খাদ্য নহও কিয় ইয়াৰ কিছুমান অপকাৰীতা ও আছে । আহকচোন জানো ফুলকবিৰ খোৱাৰ উপকাৰীতা গুণ আৰু অপকাৰীতাৰ বিষয়ে জনাৰ আগতে ফুল কবিৰ বিষয়ে কিছু তথ্য জানি লওঁ:-
ফুলকবি (Cauliflower) বিষয়ে কিছুমান তথ্য:
1. বৈজ্ঞানিক নাম: Brassica oleracea (Botrytis Group)
2. প্ৰজাতি/ পৰিয়াল : Brassicaceae (কপি/ব্ৰ’ক’লি পৰিয়াল)
3. পুষ্টিগুণ:
(ক) ভিটামিন C, K, আৰু B6 ।
(খ) ফাইবাৰ আৰু এন্টিঅক্সিডেন্টে ভৰপূৰ ।
(গ) কম কেলোৰি আৰু উচ্চ পুষ্টিগুণ ।
4. স্বাস্থ্য উপকাৰিতা:
(ক) হজম শক্তি বঢ়াই তোলে ।
(খ) ওজন নিয়ন্ত্ৰণত সহায় কৰে ।
(গ) হৃদৰোগৰ আশংকা কমাই ।
(ঘ) কেঞ্চাৰ প্ৰতিৰোধত সহায়ক ।
5. আকাৰ-প্ৰকাৰ:
সাধাৰণতে বগা হয়, কিন্তু বেঙুণীয়া, মুগা, আৰু ক’লা প্ৰজাতিও পোৱা যায়
6. পৰিবেশন ধৰণ:
সিজাই, ভাজি, বইল কৰি বা আচাৰ ৰূপে খোৱা যায় ।
ফুল কবিৰ (cauliflower)উপকাৰিতা:
- পুষ্টিগুণে ভৰপূৰ – ফুলকবিৰ ভিটামিন C, K, ফাইবাৰ, ফলেট আৰু অ্যান্টিঅক্সিডেন্টে ভৰপূৰ মাত্ৰাত থাকে।
- পাচনত সহায়ক – ইয়াৰ উচ্চ ফাইবাৰ উপাদানে হজম প্ৰক্ৰিয়া উন্নত কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰি ৰাখে।
- হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে – ফুলকবি পাচলি খোৱাৰ ফলত কোলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি হৃদৰোগৰ আশংকা কম কৰায় ।
- কেঞ্চাৰ প্ৰতিৰোধী – সালফোৰাফেন নামৰ যৌগ থাকাৰ বাবে ফুলকবি দৈনিক খাদ্য প্ৰণালী যোগ কৰিলে কেঞ্চাৰ প্ৰতিৰোধত সহায় কৰে।
- ওজন নিয়ন্ত্ৰণ – কম কেলোৰি থকাৰ বাবে ই পাচলি ওজন নিয়ন্ত্ৰণ কৰিব লৈ ডায়েটত হিচাপে গ্ৰহণ কৰাত সহায় কৰে।
- মস্তিষ্কৰ বাবে ভাল – ফুলকবিত থকা কোলিন মস্তিষ্কৰ বিকাশ আৰু স্মৃতিশক্তি উন্নত কৰে।
- স্নায়ু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে – অ্যান্টিঅক্সিডেন্ট আৰু ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
ফুল কবি খোৱাৰ অপকাৰিতা সমুহ:
- গেছ আৰু পেট ফুলাৰ সমস্যা – চালফাৰ যৌগ আৰু উচ্চ ফাইবাৰৰ বাবে অধিক খালে বদহজম বা পেট ফুলি থকাৰ সমস্যা হ’ব পাৰে।
- থাইৰয়েডৰ সমস্যা – অধিক পৰিমাণে খালে গয়িট্ৰজেন নামৰ পদাৰ্থৰ বাবে থাইৰয়েড হৰম’ন উৎপাদনত ব্যাঘাত ঘটাব পাৰে।
- কিডনীৰ সমস্যা – ফুলকবিত অক্সালেট উচ্চ পৰিমাণে থাকে, যিয়েই কিডনীৰ সমস্যা থকা ব্যক্তিৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে।
- এন্টি-কয়াগুলেণ্ট (Anti-Coagulant) ঔষধৰ সৈতে সংঘাত – ফুলকবিত থকা ভিটামিন K ৰক্ত জমাট বাধন প্ৰক্ৰিয়াত প্রভাৱ পেলাব পাৰে।
ফুলকবি খেতি বিষয়ে কিছুমান তথ্য :-
ফুলকবি (Brassica oleracea – Botrytis Group) অসমৰ অন্যতম জনপ্ৰিয় শাক-পাচলিৰ ভিতৰত পৰে। ইয়াক শীতকালীন সব্জি হিচাপে অধিক খেতি কৰা হয়।
উপযুক্ত পৰিৱেশ:
(ক) ফুলকবি সাধাৰণতে ১৫-২০°C ত ভালকৈ গজে।
(খ) বালুমিশ্ৰিত মাটিৰ উপযুক্ত ড্ৰেনেজ প্ৰণালী থকা মাটি উৎকৃষ্ট মানৰ কবি খেতি ভাল হয়।
(গ) শীতকালৰ যেনে অক্টোবৰ-পৰা ফেব্ৰুৱাৰী মাহৰ সময়ত খেতি উন্নত হয়।
1. মাটিৰ প্ৰস্তুতি :-
ক/ ভাল জলনিল থকা, আলখুবা বা বালিয়া মাটি ফুলকবিৰ বাবে উপযুক্ত।
খ/ মাটি ৰ pH মান ৬.০ - ৭.৫ থকা মাটি উপযুক্ত হয় কবি খেতিৰ বাবে ।
গ/ পৰ্যাপ্ত পৰিমাণে পচা গোবৰ বা জৈৱিক সাৰ মাটি দৰাত যোগ কৰিব লাগে।
2. বীজ ৰোপণ আৰু খেতি প্রস্তুতি:-
(ক) বীজ ৰোপণ: সাধাৰণতে ছেপ্টেম্বৰ-অক্টোবৰ মাহত বীজ ৰোৱা হয়।
(খ) পুলি বা বীজ প্ৰতিস্থাপন: বীজ উৎপত্তি ২৫-৩০ দিনৰ পিছত পুলি/চাৰা মূল ক্ষেতত প্ৰতিস্থাপন বা ৰূপণ কৰা হয়।
(গ) দূৰত্ব: পুলি বা চাৰাবোৰ ৪৫-৬০ ছেন্টিমিটাৰ আঁতৰত ৰোপণ কৰাটো উচিত।
3. পানী ব্যৱস্থা :-
(ক)নিয়মিত পানী দিব লাগে, বিশেষকৈ শুকান সময়ত। বৰষুণ দিলে পানী যোগান মাত্ৰা কম কৰিব লাগে।
(খ) অধিক পানী দিলেও গজালি নষ্ট হ'ব পাৰে। গতিকে প্ৰয়োজন অনুসৰি হে পানী দিয়া উচিত।
4. খাদ্য আৰু সাৰৰ ব্যৱস্থাপনা:-
নাইট্ৰ’জেন (N), ফছফোৰাছ (P), আৰু পটাচিয়াম (K) যুক্ত পৰিমাণমতে দিব লাগে। লগতে জৈৱিক সাৰ যেনে গোবৰ সাৰ আদি প্ৰয়োগ কৰিলে ভাল হ'ব ।
5. ৰোগ আৰু ৰোগৰ লক্ষণ নিয়ন্ত্রণ :-
(ক) সাধাৰণ ৰোগ: ব্লেক ৰট, ডাউনি মিলডিউ, ক্লাব ৰুট ইত্যাদি।
(খ)পোঙাপাত: ডায়মণ্ড ব্যাক মথ, কেবেজ ৱৰ্ম ইত্যাদিয়ে ক্ষতি কৰে।
জৈৱিক নিয়ন্ত্ৰণ (নিম জোল, বায়’পেষ্টিচাইড) বা প্ৰয়োজন অনুসৰি ৰাসায়নিক ব্যৱহাৰ কৰিব পাৰে।
6. পৰিপক্কতা আৰু খেতি ছপোৱা সময়:-
(ক) ফুলকবি ৬০-১০০ দিনৰ ভিতৰত খেতিপথাৰত পৰিপোৰক বা চিঙিব হৈ যায়।
(খ)পূৰ্ণ ৰূপে গঠন হোৱা কবিবোৰ কাঁচি বা ছুৰিৰ সহায়ত কাটি চপোৱা হয়।
(গ)ফুল কবিবোৰ চপোৱা পিছত ঠাণ্ডা ঠাইত সংৰক্ষণ কৰি ৰাখিলে অধিক দিন ভালে থাকে।
7.ফুলকবি লাভজনক খেতি :-
(ক) সঠিক পৰিচালনা ,পৰিমাণে আৰু ভাল জাতৰ বীজ ব্যৱহাৰ কৰিলে ফুলকবি খেতি খুবেই লাভজনক হয়।
(খ) বজাৰত ফুলকবিৰ উচ্চ চাহিদা থকাৰ বাবে কৃষকে ভাল মুনাফা লাভ কৰিব পাৰে ।
অসমত ফুলকবিৰ খেতিৰ বাবে বিখ্যাত অঞ্চলসমূহ :
অসমত ফুলকবি (Cauliflower) বহু ঠাইতে খেতি কৰা হয়, কিন্তু বিশেষকৈ শীতল আৰু উৰ্বৰ মাটিৰ অঞ্চলসমূহত ই অধিক উৎপাদিত হয়। অসমৰ কিছুমান উল্লেখযোগ্য ঠাই হ'ল—
1. নগাঁও আৰু মৰিগাঁও – উত্তম মাটিৰ গুণগত মানৰ বাবে বৃহৎ পৰিমাণে ফুলকবি উৎপাদন কৰা হয়।
2. ধুবুৰী আৰু বৰপেটা – শীতকালত বিশেষকৈ বেছি খেতি হয়।
3. শোণিতপুৰ (তেজপুৰ) – উচ্চ মানদণ্ডৰ ফুলকবি উৎপাদন কৰা হয়।
4. গোৱালপাৰা আৰু কামৰূপ – এই জিলা কেইখনত ও ভালে সংখ্যাক ফুলকবি উৎপাদন কৰা হয়।
5. লখিমপুৰ আৰু ধেমাজি – উত্তৰ অসমত এই অঞ্চলতো যথেষ্ট খেতি কৰা হয়।
ভাৰতৰ ফুলকবি খেতি উন্নত অঞ্চলসমূহ:
ভাৰতৰ বিভিন্ন ৰাজ্যত ফুলকবি (Cauliflower) ভালকৈ উৎপাদন হয়, বিশেষকৈ শীতল আৰু নাতিশীতোষ্ণ জলবায়ু যুক্ত অঞ্চলসমূহত ফুল কবি খেতি ভাল হয়। তলত কিছুমান ঠাই উল্লেখ কৰা হ’ল য’ত ফুলকবি খেতি বেছি কৈ উৎপাদন কৰা হয়—
1. হাৰিয়ানা: কৰ্ণাল, পানিপথ, আম্বালা আদিত ব্যাপকভাৱে ফুলকবি খেতি কৰা হয়।
2. পাঞ্জাব: লুধিয়ানা, জলন্ধৰ, পাটিয়ালা অঞ্চলত ব্যাপক ফুল কবি খেতি উৎপাদন হয়।
3. উত্তৰ প্ৰদেশ: লক্ষ্নৌ কানপুৰ, বাৰাণসী আদি ঠাইত ভাল ফুল কবি খেতি হয়।
4. মধ্য প্ৰদেশ: ইন্দোৰ, ভূপাল, গোৱালিয়ৰ অঞ্চলত ফুল কবি খেতি কৰা হয়।
5. বিহাৰ: নালন্দা, গয়া, পাটনা আদিত ব্যাপকভাৱে উৎপন্ন হয়।
6. পশ্চিমবঙ্গ: নদীয়া, হুগলী, মালদা, মেদিনীপুৰ আদি ঠাইত ভাল ফুল কবি খেতি হয়।
7. আসম: নলবাৰী, বৰপেটা, দৰং, গোৱালপাৰা আদি জিলাত ফুলকবি ভাল উৎপাদন হয়।
8. উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ: পাহাৰীয়া অঞ্চলসমূহত (শিমলা, মছুৰি, নৈনিতাল আদি) শীতল বতৰত উৎকৃষ্ট মানৰ ফুলকবি উৎপন্ন হয়।
9. মাহাৰাষ্ট্ৰ: পুনে, নাশিক, আহমেদনগৰ আদি ঠাইত ফুলকবি খেতি কৰা হয়।
উপসংহাৰ:
ফুলকবি খেতি সঠিক পৰিকল্পনা আৰু যত্নৰে কৰিলে এটা ভাল লাভজনক ব্যৱসায় হিচাপে গঢ়ি তুলিব পৰা যায় । জৈৱিক পদ্ধতি অনুসৰি যদি ফুল কবি খেতি কৰিলে মাটি আৰু পৰিবেশ দুয়োটাই সুস্থ থাকিব ।
FAQ .
১/অসমৰ ভূমিত ফুলকবি খেতি কিমান হেক্টৰ কৰা হয়?
অসমত ফুলকবি খেতি প্ৰায় 25,000-30,000 হেক্টৰ ভূমিত কৰা হয়। উৎপাদন পৰিমাণ প্ৰায় 4-5 লাখ মেট্ৰিক টন। খেতিৰ অন্যতম প্রধান ফচল হিচাপে ফুলকবি গণ্য কৰা হয়।
২/ফুল কবি চবজি বেছি খালে কি হয় ?
ফুল কবি মাত্ৰাত খালে ফুলকবি খুব উপকাৰী খাদ্য। কিন্তু অত্যধিক খালে গেছ, থাইৰয়েড সমস্যা বা অন্যান্য অপকাৰিতা হ’ব পাৰে। সেইবাবে স্বাস্থ্যৰ প্ৰয়োজন অনুসৰি পৰিমাণত খোৱাৰ পৰামৰ্শ দিয়া হয়।
৩/ফুল কবি খেতি কৰি লাভ বান হ'ব পাৰি ন?
ফুলকবি বজাৰত বহুত চাহিদা আছে। প্ৰতিটো সিজনতই খাব পৰা পাচলি। সঠিক মাত্ৰাত ব্যৱসায় পদ্ধতিৰ কৰি লাভবান হব পৰা যায়।
www.axomiadairy.in


Post a Comment