আঙুৰ খাওক লাখ বেমাৰৰ প্ৰতিৰোধ কৰক । আঙুৰৰ উপকাৰীতা আৰু অপকাৰীতা বিষয়ে জানো আহক। health tips/ Fitness tips/General knowledge/
![]() |
| Greaps 🍇 |
আঙুৰ বিষয়ে কিছু নজনা কথা জানো আহক:-----🍇🍇🍇
আঙুৰ এবিধ তেঙা আৰু মিঠা জাতীয় ফল ।আঙুৰ খোৱাৰ বহু উপকাৰিতা গুণ আছে। ই কেৱল স্বাদিষ্ট নহয়, বৰঞ্চ স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয়। তলত কিছুমান আঙুৰ গুৰুত্বপূর্ণ উপকাৰিতা বিষয়ে উল্লেখ কৰা হ’ল—
১.হৃদয়ৰ ( হাৰ্টৰ )স্বাস্থ্য উন্নত কৰে আঙুৰ খোৱাটো বৰ লাভদায়ক ---
(ক) আঙুৰত থকা এন্টিঅক্সিডেন্ট (যেমনঃ ফ্লেভানয়েড আৰু ৰেছভেৰেট্ৰ’ল) হৃদয়ৰ স্বাস্থ্য সুৰক্ষিত ৰখাত সহায় কৰে।
(খ) আঙুৰ কম পৰিমাণে দৈনিক খাদ্য প্ৰণালীত গ্ৰহণ কৰিলে কলেষ্ট্ৰ'ল নিয়ন্ত্ৰণ কৰি ৰক্তনলী সুস্থ কৰি ৰাখে।
(গ) আঙুৰ খালে উচ্চ ৰক্তচাপ( BP)নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।
২. শৰীৰত এন্টিঅক্সিডেন্ট যোগান দিয়ে :-
(ক)আঙুৰত ভিটামিন C, ভিটামিন K, আৰু ফাইটোকেমিকেল থাকে, যিয়ে শৰীৰৰ কোষসমূহক ক্ষয়ৰ পৰা বা শুকাই যোৱাৰ পৰা ৰক্ষা কৰে।
(খ) আঙুৰ দৈনিক খালে কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
৩. আঙুৰ খালে হজম শক্তি বৃদ্ধি পায়:-
(ক) আঙুৰত আঁহযুক্ত (fiber) থকাৰ বাবে হজম প্ৰক্ৰিয়া সুস্থ কৰি হজম শক্তি বৃদ্ধি কৰে।
(গ)কোষ্ঠকাঠিন্য কমায়।
৪. চাল আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে :-
আঙুৰত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিন E ত্বকক উজ্জ্বল কৰে।
৫.আঙুৰ মস্তিষ্কৰ স্বাস্থ্যৰ বাবে উপকাৰী:-
(ক) আঙুৰ খালে স্মৃতি (মেম’ৰি ) শক্তি বৃদ্ধি হয়।
(খ) আলঝেইমাৰ আৰু ডিমেনচিয়াৰ দৰে স্নায়ুজনিত ৰোগ ৰোধ কৰিবলৈ আঙুৰত থকা থকা ভিটামিনে বহুত সহায় কৰে।
৬. ইমিউন ছিস্টেম মজবুত কৰে:-
আঙুৰত থকা ভিটামিন C আৰু অ্যান্টিঅক্সিডেন্ট বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰি ইমিউন চিষ্টেম মজবুত কৰে ।
৭.চকুৰ বাবে উপকাৰী:-
আঙুৰত লুটেইন আৰু জিয়াজেনথিন থাকে, যিয়ে চকুৰ দৃষ্টি শক্তি উন্নত কৰাত সহায় কৰে । আঙুৰ খালে বয়সৰ লগে লগে হোৱা চকুৰ সমস্যা বোৰ কমায়।
৮. শক্তি বৃদ্ধি কৰে:-
আঙুৰত প্ৰাকৃতিক চুগাৰ (গ্লুক’জ আৰু ফ্ৰুক্ট’জ) থাকে, যিয়ে তৎক্ষণাত খোৱাৰ মাত্ৰকে দেহত শক্তি যোগায়।খেলুৱৈ আৰু ব্যস্ত জীৱনধাৰাৰ লোকসকলৰ বাবে আঙুৰ বৰ উপকাৰী ফল।
৯. কিডনীৰ স্বাস্থ্য ৰক্ষা কৰে :-
আঙুৰ খালে (ডিউৰেটিক) প্ৰস্ৰাৱ বৃদ্ধি হয় তাৰ ফলত কিডনিৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায় তাৰ ফলত কিডনি সুস্থ হৈ থাকে।আঙুৰ খালে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে।
আঙুৰ খোৱাৰ ফলত হোৱা সমস্যা/ আঙুৰৰ অপকাৰীতা সমুহ :--
আঙুৰ খোৱাৰ বহুতো উপকাৰিতা থাকিলেও, অধিক পৰিমাণে খালে বা অনুকূল নহয় কিছুমাল লোকৰ ক্ষেত্ৰত কিছুমান অপকাৰীতা হ’ব পাৰে। তলত আঙুৰ খোৱাৰ সম্ভাব্য অপকাৰী দিশসমূহ উল্লেখ কৰাৰ চেষ্টা কৰা হ’ল—
১. আঙুৰত উচ্চ পৰিমাণে চেনি উপাদান থাকে:
আঙুৰত প্ৰাকৃতিক চেনি (Fructose) অধিক পৰিমাণে থাকে, যি মিঠা জাতীয় ফলত সাধাৰণতে বেছি দেখা পোৱা যায়।
ডায়েবেটিছ ৰোগীসকলৰ বাবে কম পৰিমাণে আঙুৰ খোৱা উচিত। অধিক খোৱাৰ ফলত ৰক্তত চেনিৰ পৰিমাণ বাঢ়িব পাৰে । ফলত ডায়েবেটিচ ৰোগ বেচিকৈ হয় ।
২. পাচন ক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰিব পাৰে:
অধিক আঙুৰ খালে হজমত প্ৰক্ৰিয়াত অসুবিধা হ'ব পাৰে। বিশেষকৈ যদি কেঁচা বা নপকা আঙুৰ খোৱা হয়, তেন্তে পেতত গেছৰ সমস্যা সৃষ্টি হ’ব পাৰে।
আঙুৰত ফাইবাৰ থকাৰ বাবে অধিক পৰিমাণে খালে পেটৰ বিষ বা ডায়েৰিয়া হ'ব পাৰে।
৩. এলাৰ্জিৰ সম্ভাৱনা:
কিছুমান লোকৰ আঙুৰ খালে এলাৰ্জি হয়, যেনে লক্ষণসমূহ চকু খজুৱতি গাৰ চাল খুজৱতি, বুকুৰ কষ্ট, বমি বমি ভাব, বা গাটো ফুলি যোৱা । এনে লক্ষণসমূহ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।নহলে ডাঙৰ সমস্যাত ভুগি লাগিব পাৰে।
৪. কীটনাশকৰ প্ৰভাৱ পৰিব পাৰে:
বজাৰত পোৱা বহুত আঙুৰত বিষাক্ত কীটনাশক ব্যৱহাৰ কৰা হয়, যি শৰীৰৰ বাবে অপকাৰী হয় । সেই বাবেই আঙুৰ খোবাৰ আগত ভালকৈ ধুই হে খাব লাগে।আঙুৰ ভালদৰে ধুই নাখালে কীটনাশক দৃব্য সমুহে কিডনী বা লিভাৰৰ ক্ষতি সাধন কৰিব পাৰে।
৫. অতিমাত্ৰা কেল’ৰিৰ যোগান :
আঙুৰত প্ৰচুৰ কেল’ৰি থাকে, বিশেষকৈ শুকান আঙুৰ (কিছমিছ) খালে এই কেল'ৰি আৰু বেছি হয় ।অতি পৰিমাণে খালে ওজন বাঢ়িব পাৰে। তাৰ ফলত বহু বেমাৰৰে দেখা দিব পাৰে।
৬. কিছু ঔষধৰ সৈতে বিক্ৰিয়া :
ব্লাড থিনাৰ (ৰক্ত পাতল কৰা ঔষধ) বা ৰক্তচাপ নিয়ন্ত্ৰণ কৰা ঔষধ খাবলৈ যিসকলে লয়, তেওঁলোকৰ বাবে আঙুৰ অধিক পৰিমাণে খোৱা ক্ষতিকাৰক হ’ব পাৰে।আঙুৰে কিছুমান ঔষধৰ প্ৰভাৱ কমাই দিব পাৰে বা অধিক বৃদ্ধি কৰিব পাৰে, যাৰ ফলত স্বাস্থ্য সমস্যা সৃষ্টি হ’ব পাৰে।
উপসংহাৰ:
স্বাস্থ্যকৰ খাদ্য হিচাপে আঙুৰ উপকাৰী, কিন্তু অতিমাত্ৰা খালে বা যদি আগতীয়াকৈ কোনো স্বাস্থ্যজনিত সমস্যা থাকে, তেন্তে অপকাৰী হ’ব পাৰে। সঠিক পৰিমাণে ধুই খোৱাটো অতি প্ৰয়োজনীয় ।
শেষত আৰু অধিক জানিবৰ বিছাৰিলে বা আপোনাৰ ব্যক্তিগত কিবা কথা বা জনাব বিচাৰিলে জনাব লৈ নাপাহৰিব:-
বিষয়ে মতামত প্ৰকাশ ...
........... ধ্যানবাদ 🙏........
Https://www.Axomiadairy.in
By Binod Doloi....
https://www.axomiadairy.in/2025/02/kesha-mator-khane-ka-phayda-or-nuksaan.html

Post a Comment